দীপলিনা ডেকাই সামাজিক মাধ্যমত এটা ভিডিঅ’ৰ জৰিয়তে কয়, ‘‘যিসকলে জানে, তেওঁলোকে জানে যে এই দিনটো মোৰ বাবে বহুত বিশেষ।’’
দীপলিনা ডেকা অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত দীপলিনাৰ জনপ্ৰিয়তা অতুলনীয়। কেৱল গীতৰ বাবেই নহয়, দীপলিনাৰ সৌন্দৰ্যৰো বহু প্ৰশংসক আছে। তাৰ ফলত সামাজিক মাধ্যমত তেওঁৰ ফেন ফল’ৱাৰ্ছৰ সংখ্যা ঈৰ্ষণীয়।
২৫ আগষ্ট দীপলিনাৰ বাবে এক অতি বিশেষ দিন। সামাজিক মাধ্যমত এটা ভিডিঅ’ৰ জৰিয়তে দীপলিনা ডেকাই কয়, “যিসকলে জানে, তেওঁলোকে জানে যে এই দিনটো মোৰ বাবে বৰ বিশেষ। কাৰণ সাত বছৰ আগতে আপোনালোকে মোৰ দৰে এগৰাকী সাধাৰণ ছোৱালীৰ জীৱনটো কিছু পৰিমাণে অসাধাৰণ কৰি তুলিছিল।”
তেওঁ আৰু কয়, “এতিয়াও মনত পৰে ২০১৮ চনৰ ২৫ আগষ্টৰ কথা, যেতিয়া মই বি. বৰুৱা কলেজৰ ফ্ৰেছাৰ্ছত আছিলো। তাৰ পিছত কমেণ্টৰ বান্ধ, ফোন, মেছেজ, আৰু মানুহৰ দৃষ্টিভংগীৰ এক ডাঙৰ পৰিৱৰ্তন দেখিছিলো, এটা ৰাতিৰ ভিতৰতে কিবা অবিশ্বাস্য ঘটিছিল। ২০২০ চনৰ ২৫ আগষ্টৰ কথাও মনত পৰে, ‘ভৱাই নাছিলো…’ গীতটোৰ কথা। সেই গীতটোৱে দুদিনৰ ভিতৰতে ১ মিলিয়ন ভিউজ পাৰ কৰিছিল। এই স্মৃতিবোৰে মোক সদায় ভাল লগায়।”
দীপলিনাই প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জনাই কয়, “মোক এই জীৱন দিয়াৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। কেনেকৈ ধন্যবাদ দিম, তাৰ শব্দ বিচাৰি নাপাওঁ।”
আজি ২৫ আগষ্টৰ এই বিশেষ দিনটোত দীপলিনা ডেকাই মুকলি কৰিলে আন এটা মনোমোহা গীত ‘ভাবিলে তোমাক…’। গীতটোৰ ভিডিঅ’ত দীপলিনাৰ সৈতে অভিনয় কৰিছে অভিনেতা পাৰ্থ হাজৰিকাই। গীতটো ইতিমধ্যে দীপলিনা ডেকাৰ নিজৰ ইউটিউব চেনেলত মুকলি কৰা হৈছে।