-3.1 C
New York

য’ত যায় ত’ত বিয়াৰ চৰ্চা! দুবাৰকৈ বিবাহ বিচ্ছেদ, প্ৰেমিক, সন্তান… নূপুৰৰ বিষয়ে নতুন তথ্য পোহৰলৈ।

Published:

আয়তকৈ ৪১৬% বেছি সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ ACS বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিত ডেকা

য’তেই যায় তাতেই অনিয়মৰ অভিযোগ! ACS বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিত ডেকাৰ কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়াৰ কথা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, নূপুৰে য’তেই চাকৰি কৰিছিল, তাতেই দুৰ্নীতি আৰু অনিয়মৰ মাধ্যমেৰে সম্পত্তিৰ পাহাৰ গঢ়িছিল। তেওঁৰ বৈবাহিক জীৱনো কম ৰহস্যময় নহয়। কাৰণ, য’তেই যায়, তাতেই নতুন সম্পৰ্কত জড়িত হৈ বিয়াত বহিছিল নূপুৰ। শেহতীয়া তথ্যই এই কথা প্ৰমাণ কৰিছে।

নূপুৰ বৰাৰ বৈবাহিক জীৱনৰ ৰহস্য
জানিব পৰা মতে, ACS বিষয়া হোৱাৰ পাছত নূপুৰে প্ৰথমে এজন লাট মণ্ডলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এগৰাকী কন্যা সন্তানো জন্ম হৈছিল। কিন্তু সন্তান জন্মৰ পাছত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে। পৰৱৰ্তী সময়ত কাৰ্বি আংলঙত চাকৰি কৰাৰ সময়ত নূপুৰে আন এজন লাট মণ্ডলৰ সৈতে পুনৰ বিবাহ কৰে। কিন্তু বৰপেটালৈ ৰাজহ চক্ৰৰ বিষয়া হিচাপে বদলি হোৱাৰ পাছত তেওঁ পুনৰ বিবাহ বিচ্ছেদ কৰে।

বৰপেটাত চাকৰিৰ সময়ত নূপুৰৰ লাট মণ্ডল সুৰজিত ডেকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে। এই সুৰজিতৰ সৈতে মিলি তেওঁ দুৰ্নীতিৰ জাল বিস্তাৰ কৰি সম্পত্তিৰ পাহাৰ গঢ়িছিল। নূপুৰ বৰা আৰু সুৰজিত ডেকাৰ গ্ৰেপ্তাৰৰ পাছত তেওঁলোকৰ এই কুকৰ্মৰ কথা পোহৰলৈ আহিছে।

নূপুৰৰ সম্পত্তিৰ তালিকা
তথ্য অনুসৰি, নূপুৰ বৰাৰ আয়তকৈ ৪১৬% অধিক সম্পত্তি আছে। চি এম ভিজিলেন্সৰ অভিযানত তেওঁৰ ঘৰৰ পৰা দামী সাজপাৰ, সোণৰ গহনা, হীৰাৰ অলংকাৰ, নগদ ধন আদি উদ্ধাৰ হৈছে। নূপুৰৰ ৯টা বেংক একাউণ্ট ভিজিলেন্সে জব্দ কৰিছে। তেওঁৰ সম্পত্তিৰ তালিকাত বেলতলা আৰু জালুকবাৰীত দুখন মাটি, জালুকবাৰীত দুটা ফ্লেট, গোটানগৰত এটা ফ্লেট, প্ৰায় ১ কোটি টকা নগদ, লাখ লাখ টকাৰ সোণৰ গহনা আৰু হীৰাৰ অলংকাৰ জব্দ হৈছে।

সুৰজিত ডেকাৰ সম্পত্তি
ইফালে, লাট মণ্ডল সুৰজিত ডেকাই নতুনকৈ এটা তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰি আছিল। ভিজিলেন্সে তেওঁৰ পৰা এখন থাৰ বাহন জব্দ কৰিছে, যদিও নগদ ধন উদ্ধাৰ হোৱা নাই।

নূপুৰৰ দৰমহা আৰু সম্পত্তিৰ বিস্ময়
তথ্য অনুসৰি, নূপুৰ বৰাৰ চাকৰি জীৱনৰ মুঠ দৰমহা ৪৫ লাখ টকা। কিন্তু তেওঁৰ সম্পত্তিৰ পৰিমাণ কোটি কোটি টকা। এই বিস্ময়কৰ কাণ্ডই সকলোৰে চকু কপালত তুলিছে। বৰ্তমান এই বিষয়ত তদন্ত চলি আছে, আৰু তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

Assam Trend News
Assam Trend Newshttps://assamtrendnews.com
Passionate about delivering timely, authentic, and unbiased news to the people of Assam and beyond. I manage content creation, editorial strategy, and digital media for both our YouTube channel and website. With a focus on regional stories that matter, I aim to bring grassroots issues to the digital forefront.

Related articles

spot_img

Recent articles

spot_img