-3.1 C
New York

ভাষ্য সলাই শেখৰ গোস্বামীয়ে লগাইছে পাক !

Published:

মুখ খুলিলে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে। একচক্লুছিভ সাক্ষাৎকাৰত শেখৰ গোস্বামীয়ে ফাদিল কৰিলে ভয়ংকৰ তথ্য। জুবিনৰ দীৰ্ঘদিনৰ সংগী শেখৰ গোস্বামীৰ ভাষ্য পুনৰ সলনি হৈছে। আজি ফাদিল হোৱা ভিডিঅ’ৰ কথাৰ সৈতে শেখৰ গোস্বামীৰ মন্তব্যৰ মিল নাই। শেখৰৰ ভাষ্য ঘনে ঘনে সলনি হৈছে। সাক্ষাৎকাৰত শেখৰ গোস্বামীয়ে কয়, “আমি অচিনাকি ঠাইলৈ গৈছিলোঁ। মেনেজমেণ্টে সকলো পৰিকল্পনা কৰিছিল, আমি ক’লৈ যাম। তেওঁলোকৰ প্লেনিং অনুসৰি আমি গৈছিলোঁ। য়াকত উঠি আমি পানীত নামিছিলোঁ। প্ৰথমে দাদা নামি পুনৰ উঠি আহিল। তাৰ পাছত আমি পানীত আছোঁ। কাষতে এটা দ্বীপ আছে, সন্দীপনক মাতিছোঁ দ্বীপটোলৈ যাবলৈ। দাদায়ে সুধিছে, ‘যাবি নেকি?’ মই দাদাৰ কথা শুনিছোঁ। মই ক’লো, ‘সন্দীপনৰ ওচৰলৈ মই গৈ আহোঁ।’ দাদায়ে কৈছে, ‘ৰহ।’ অসম এছ’চিয়েছনৰ মানুহজনে দাদাক ৰখাইছিল। মই অলপ দূৰ গৈ উভতি আহিলোঁ। তেতিয়া দাদা আকৌ পানীত নামিছে। ওপৰৰ পৰা কোনোবাই কৈছে, ‘দাদা নামি গৈছে, চাবি দেই।’ মই দেখিলোঁ, দাদাই লাইফ জেকেট পিন্ধা নাই। মই দাদাক মানা কৰিলোঁ, ‘আহিব নালাগে।’ আগুৱাই গৈ আকৌ ক’লো, ‘দাদা, আহিব নালাগে।’ দাদা ধুনীয়াকৈ সাঁতুৰি আহি আছিল। দাদাৰ লগত অসম এছ’চিয়েছনৰ এজন মানুহ আহি আছিল। মই দাদাক উভতাই লৈ গৈছিলোঁ। ‘ঘূৰক, ঘূৰক’ বুলি ক’লো, দাদা ঘূৰিল। কিন্তু দাদা ১ ছেকেণ্ডৰ বাবে ৰৈ যোৱাৰ দৰে, ওপঙি থকাৰ দৰে লাগিল। তেতিয়া মই অলপ দাঙি ধৰিলোঁ।”

শেখৰে পুনৰ কয়, “সেই সময়ত দেখিলোঁ দাদাৰ নাক আৰু মুখৰ পৰা বগা ফেন ওলাই আহিছে। ‘কি হ’ল, কি হ’ল’ বুলি কওঁতে দেখিলোঁ বমি ওলাই আহিছে। বমিত বীয়েৰৰ গোন্ধ পাইছিলোঁ। লগতে কিছু সময় আগতে খোৱা মাংস বমিৰ সৈতে ওলাই আহিছে। বমি ওলোৱাত মই ভাবিছিলোঁ, ‘এতিয়া চাগে ভাল হ’ব।’ কিন্তু দাদাই কোনো সঁহাৰি নিদিয়াত মই চিঞৰি উঠিছিলোঁ। লগে লগে নাওখনত থকা সিদ্ধাৰ্থ নামি আহিল। মই দাদাক ডুবিব নোৱাৰাকৈ দাঙি ধৰিছিলোঁ। সিদ্ধাৰ্থ আৰু সন্দীপনে দাদাক দাঙি ধৰিলে। আমি অহা জাহাজখনৰ পাইলটো নামি আহিল। জাহাজৰ চালকে দাদাক কাষৰ নাওখনত তুলি বুকুত হেঁচি পানী উলিয়াবলৈ চেষ্টা কৰিলে। মই ভৰি মোহাৰি আছোঁ, আৰু সন্দীপনে CPR দি আছে। ১০-১৫ মিনিট এনেকৈ থকাৰ পাছত আন এখন নাওত ডুবাৰুৰ দল আহি CPR দিলে। চালকে Yachtখন পাৰলৈ লৈ গ’ল। পাৰত স্বাস্থ্য বিভাগৰ দল আৰু আৰক্ষী উপস্থিত হ’ল। তেওঁলোকেও চেষ্টা কৰিলে, অক্সিজেন দিলে আৰু CPR দিলে। তাৰ পাছত দাদাক চিকিৎসালয়লৈ লৈ গ’ল। আমাক তাতে থাকিবলৈ দি সিদ্ধাৰ্থ দাদাৰ লগত গ’ল। প্ৰায় ৪০ মিনিট পাছত খবৰ পালোঁ যে দাদাৰ মৃত্যু হৈছে।”

Assam Trend News
Assam Trend Newshttps://assamtrendnews.com
Passionate about delivering timely, authentic, and unbiased news to the people of Assam and beyond. I manage content creation, editorial strategy, and digital media for both our YouTube channel and website. With a focus on regional stories that matter, I aim to bring grassroots issues to the digital forefront.

Related articles

spot_img

Recent articles

spot_img